আমি সকলে বিলাসী জীৱন-যাপন বিচাৰো আৰু বিলাসী জীৱন টকাৰ অবিহনে কোনো দিনেই সম্ভৱ নহয়। বন্ধুসকল আমি আজি একবিংশ শতিকাত বসবাস কৰি আছো। আমাৰ বৰ্তমান সময়ত ইন্টাৰনেত আৰু মোবাইল অবিহনে জীয়াই থকা প্ৰায় অসম্ভৱ। প্ৰতিতো ক্ষেত্ৰতে ইন্টাৰনেতৰ ব্যৱহাৰ দেখা গৈছে। তেনেহলে আমি যদি ইন্টাৰনেত অবিহনে থাকিব নোৱাৰো, তেন্তে ইন্টাৰনেতৰ যোগেদি আমি কিয় টকা উপাৰ্জন কৰিবো নোৱাৰো। আহোকচোন বন্ধুসকল আমি আজি জানি লও যে অনলাইন বা ইন্টাৰনেতৰ যোগেদি টকা কেনেকৈ উপাৰ্জন কৰিব পাৰো।

Assamese Gyan



আমাৰ পৃথিবীত এনেকুৱা বহুতো মানুহ আছে যিসকলে অনলাইন বা ইন্টাৰনেতৰ যোগেদি কেৱল পাৰ্ট টাইম নহয ফুল টাইম আয় কৰি আছে। তেনেহলে আজিৰ এই লেখনিৰ যোগদি আপোনালোকে জানিব পাৰিব যে অনলাইন কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি।


১। আজি প্ৰথমতে যিটো ক্ষেত্ৰৰ কথা কবলৈ গৈ আছো সেইটো হল ব্লগিং

ব্লগিং হল এনেকুৱা ক্ষেত্ৰ যাৰ যোগেদি আমি টকা উপাৰ্জন কৰিব পাৰো।ব্লগিংৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি হৈ আছে। ব্লগিং হল ইন্টাৰনেতৰ জৰিয়তে লিখা এখন ঠাই।

Blooging


আপুনি  ঘৰত যেনেকৈ কাহিনী,গল্প, আদি বিভিন্ন ধৰনৰ তথ্য বহীত লিপিবদ্ধ কৰি ৰাখে, ব্লগিং ও ঠিক তেনেকুৱাই কেৱল ইন্টাৰনেতৰ যেগেদি আপুনি যি কোনো এটা প্লেটফৰ্মত লিখিব লাগিব যেনে WordPress, Blogger, tumbler ইত্যাদী। Blogger ত আপুনি বিনামুলিয়াকৈ ব্লগ আৰম্ভ কৰিব পাৰে। ব্লগিংৰ জৰিয়তে আপুনি বিভিন্ন ধৰনে টকা উপাৰ্জন কৰিব পাৰে। যেনে-

  • আপুনি আপোনাৰ ব্লগত Google AdSense যোগেদি বিভিন্ন ধৰনৰ বিজ্ঞাপন লগাই টকা উপাৰ্জন কৰিব পাৰে।
  • আপুনি আপোনাৰ ব্লগত বিভিন্ন  ধৰনৰ Affiliate Marketing ৰ লিংক ব্যৱহাৰ কৰিও টকা উপাৰ্জন কৰিব পাৰো।

২। Affiliate Marketing ৰ পৰা টকা উপাৰ্জন কৰিব পাৰো।

Affiliate Marketing হল এনেকুৱা এখন বজাৰ যত আপুনি বেলেগ কোম্পানিৰ বিভিন্ন ধৰনৰ সামগ্ৰী আপোনাৰ ব্লগত Promote কৰি টকা উপাৰ্জন কৰিব পাৰি। আপুনি ঘৰত বহি বহি বেলেগৰ উৎপাদিত সামগ্ৰী আপোনাৰ ব্লগত বিশেষ ৰূপত দেখুৱাই টকা উপাৰ্জন কৰিব পাৰে। Affiliate Marketing যোৱা কেইবছৰৰ ভিতৰত অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে।

Affiliate Marketing



৩। Youtube: 

আজিৰ যুগত  YouTube নজনা মানুহ প্ৰায় নাই বুলিব পাৰি। YouTube হল এনেকুৱা এক ঠাই যত আমি বিভিন্ন ধৰনৰ ভিডিঅ উপস্থাপন কৰি Google AdSense ৰ যোগেদি বিজ্ঞাপন লগাই টকা উপাৰ্জন কৰিব পাৰো

Youtube



৪। অনলাইন সামগ্ৰী বেচী টকা উপাৰ্জন কৰিব পাৰো। 

ওপৰৰ উল্লেখ কৰা ক্ষেত্ৰবোৰতকৈ এইটো ক্ষেত্ৰ অনলাইন টকা উপাৰ্জন কৰাৰ অতি সহজ পদ্ধতি। বহুতো এনেকুৱা Site আছে যত আমি আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী পোৱা যায় । যেনে- Amazon, Flipkart, Ebay, Myntra ইত্যাদি Site বোৰত আপুনি Seller (বিক্ৰেতা) হিচাপে নিযুক্তি হৈ সামগ্ৰীবোৰ বেচী টকা উপাৰ্জন কৰিব পাৰো।

Amazon


৫। ইন্টাৰনেতৰ মাধ্যমত টিউচন কৰাই আপুনি টকা উপাৰ্জন কৰিব পাৰে। আপুনি যদি দক্ষ আৰু পৰিপূৰ্ণ জ্ঞানৰ অধিকাৰী হয়,তেনহলে আপুনি নিজৰ দক্ষতা ইন্টাৰনেতৰ মাধ্যমত আনৰ ওচৰত উপস্থাপন কৰি টকা উপাৰ্জন কৰিব পাৰিব।

Online Education


অনলাইন টকা উপাৰ্জন কৰাৰ আৰু বহুতো ক্ষেত্ৰ আছে কিন্তু ওপৰত উল্লেখ কৰা কেইটাই বৰ্তমান জনপ্ৰিয়তা বেছি।

বন্ধুসকল অনলাইনত টকা উপাৰ্জন কৰা অতি সহজ কিন্তু আপোনালোকে নাভাবিব যে আজি আৰম্ভ কৰি কালি টকা উপাৰ্জন কৰিব পাৰিব। ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰিলে অতি কম সময়ৰ ভিতৰত উপাৰ্জন কৰিব পাৰিব।



লেখনি খিনি ভাল লাগিলে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু লেখোনি খিনি কেনেকুবা লাগিল কমেন্ট কৰি জনাব।