নমস্কাৰ বন্ধুসকল আজি আপোনালোকে ওপৰৰ Headline ৰ পৰা নিশ্চয় গমে পাইছে যে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম।

আজি আমি ব্লগ কেনেকৈ একেবাৰে বিনামুলিয়াকৈ বনাব পাৰি আৰু টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি সকলো খিনি Step by Step অসমীয়াত জানিব পাৰিম।

বন্ধুসকল আজিৰ যুগত আমাৰ সকলোৰে লগত Computer বা Laptop নাথাকিলেও কিন্তু Android Mobile সকলোৰে লগত আছে। আমি ইন্টাৰনেটৰ লগত এনেকৈ সংযোগ হৈছো যে কিবা এটা বিষয় নাজানিলে আমি Google নহলে YouTube ত বিচাৰো আৰু তৎক্ষনাত আমি সেই বিষয়ৰ তথ্য আমাৰ হাতত আহি পৰে,তো বন্ধুসকল আপোনালোকে কেতিয়াবা ভাবি চাইছে নে যে Google আমাক সেই তথ্য খিনি কেনেকৈ দিয়ে। আমাক Google  য়ে তথ্যখিনি যোগান ধৰে নেকি? নহয়, আমাক এই তথ্য বিলাক বিভিন্ন ধৰনৰ Website, Blogging Site আদিয়ে যোগান ধৰে। Google ৰ কাম কেবল সেই তথ্যকিনি নিজৰ Database ত জমা কৰি প্ৰয়োজন অনুসাৰে উপস্থাপন কৰা। আমি আজি এই ধৰনৰ Website বা Blogging Site কেনেকৈ বনাব পাৰি তাকে জানিম।


বিষয়বস্তুৰ পৰ্যাতালিকা

  • ব্লগ কি 
  • ফ্ৰী ব্লগ কেনেকৈ বনাব পাৰি 
  • ফ্ৰী ব্লগ কোনটো প্লেটফৰ্মত বনোৱা ভাল 
  • ব্লগ কেনেকুৱা ধৰনৰ বিষয়বস্তুৰ ওপৰত বনাব পাৰি 
  • BlogSpot ত ব্লগ কেনেকৈ বনাব পাৰি 
  • Blogger ত পোস্ট কেনেকৈ লিখিম।
  • Blogger ৰ পৰা টকা কেনকৈ উপাৰ্জন কৰিব পাৰিম 


  • ব্লগ কি 

    ব্লগ একপ্ৰকাৰৰ Website যত আমালোকে বিভিন্ন ধৰনৰ তথ্য, চিত্ৰ,ভিডিঅ, জ্ঞান, নিত্য ঘটনা আদি ইন্টাৰনেটৰ  জৰিয়তে মানুহৰ আগত উপস্থাপন কৰা ব্লগৰ উদ্দেশ্য। ব্লগ যিকোনো ব্যৱসায়, কোনো ধৰনৰ সেৱা, আদিক মানুহৰ আগত Promote কৰাৰ এটা ভাল ৰাস্তা তৈৰি কৰি দিয়ে। ব্লগ সাধাৰনতে এজন নহলে বহু লোকৰ দ্বাৰা লিখা হয়।

  • ফ্ৰী ব্লগ কেনেকৈ বনাব পাৰি 

    বন্ধুসকল আপোনালোকে যদি ভাবিছে যে ফ্ৰী ব্লগ বনাব তেনেহলে আপোনালোকে এটা ভাল ফ্ৰী Blogging Site নিৰ্বাচন কৰিব লাগিব। Blogging Site মানে হল আপোনালোকে ব্লগ বনোৱাৰ ঠাই,আপুনি এইটু ভালদৰে নিৰ্বাচন কৰিব লাগিব কিয়োনো ইন্টাৰনেটত বহুতো ব্লগ প্লেটফৰ্ম আছে যত আমি ফ্ৰী ব্লগ বনাব পাৰি। বেলেগ বেলেগ প্লেটফৰ্মে বেলেগ বেলেগ সুবিধা প্ৰদান কৰে।


  • ব্লগ কেনেকুৱা ধৰনৰ বিষয়বস্তুৰ ওপৰত বনাব পাৰি 

    ব্লগ হল এনেকুৱা এটা বিষয় যিতো ক্ষেত্ৰত আপোনালোকৰ জ্ঞান থকা দৰকাৰ। আনহাতে কবলৈ গলে আপোনালোকে ইচ্ছা থকা বিষযবস্তুৰ ওপৰত হে ব্লগ বনোৱা দৰকাৰ। যদিও আপোনালোকে ভবিষ্যতে টকা উপাৰ্জন কৰিবৰ বাবে ব্লগ বনাব সেইবাবে ব্লগ কোন বিষয়ৰ ওপৰত বনালে আপোনালকে প্ৰত্যাহানৰ সম্মুখিন নহব বা হলেও আপোনালে কেনেকৈ আগবাৰিব তাৰ বাবে অাগতিয়াকৈ ভাবিব লাগিব।


  • Blogger ত আমি কেনেকৈ ফ্ৰী ব্লগ বনাব পাৰি 

ব্লগ ফ্ৰী বনাব লাগিলে আপোনালকে আটাইতকৈ ভাল প্লেটফৰ্ম হৈছে Blogger

Blogger ত ফ্ৰী ব্লগ বনাব লাগিলে আপোনালোকৰ এটা Gmail Account থাকিব লাগিব। (Gmail Account কেনেকৈ বনাব পাৰি) মই তলত ক্ৰম অনুসৰি দেখুৱাই দি আছো-

১। প্ৰথমতে Search Bar ত গৈ "Google" Type  কৰক। আপোনালোকৰ সম্মুখত এনেকুৱা এখন Page  খোল খাই যাব।

Assamese Gyan

Picture-1

২। তাৰ পিছত সোফাঁলে তিনিটাকে বিন্দু থকা দেখিবলৈ পাব,তাত ক্লিক কৰিব (Picture 2) নহলে Google Search Box Blogger.com (Picture 3 ) type ত কৰিব।

Assamese Gyan

Picture-2

Assamese Gyan

Picture-3

৩। তাৰ পিছত Mouse তো Scroll কৰি অলপ তল ফালে চালে দেখিব যে  Blogger  বুলি লিখা আছে, তাতে আপোনালোকে Click কৰক (Picture-1), নহলে Google Search Bar ত "Blogger.com" লিখি Enter কৰাৰ পিছত এনেকুৱা এখন Page খোল খাব (Picture -2 ), তাত প্ৰথমতে "Blogger.com - Create a unique and beautiful blog easily" তাত Click কৰক আৰু লগে লগে আপোনাৰ সম্মুখত এখন নতুন Page খোল খাব তলত দেখুওৱা ধৰনে

Assamese Gyan

Picture-4

Assamese Gyan


Picture-5

। তাৰ পিছত আপোনালকে Create Your Blog বা Sign in ত Click  কৰক, তাৰ পিছত আপোনালকে আপোনালোকৰ Email বা Gmail Account দি log in কৰিবো।


Assamese Gyan

Picture-5

৫। আপোনালোকে Gmail Account দি Log in কৰাৰ পিছত তলত দিয়া ধৰনে এখন Page  খোল খাব। তাত আপোনালোকে আপোনাৰ Blog ৰ Name  Type কৰিব, তাৰ পিছত Next ত Click কৰিব । তাত আপোনালোকে আপোনাৰ Blog ৰ  Name  Type  কৰিব। ইয়াত এটা কথা মনত ৰাখিব যে আপোনাৰ Display Name  আৰু Create Your blog  নাম একে ৰাখিব। Display Name হল সেইটো নাম যি নামটো আপোনালোকৰ Blog ৰ Home Page ত দেখুৱাব। যেনেকুৱা মোৰ Display নাম হল Assamese Gyan । তাৰ পিছত আকৌ Next ত Click কৰিব।


Assamese Gyan

Picture-6

৬। তাৰ পিছত আপোনাৰ সম্মুখত তলত দিয়া ধৰনে এখন  Page  খোল খাব । তাত আপোনালোকে আপোনাৰ Sub-Domain Select কৰিব। ( Domain আৰু Sub-Domain কি?) অৰ্থাৎ Google  আপোনালোকৰ Blog  টো কেনেকৈ চিনাক্তকৰণ কৰিব। যেনেকুৱা মোৰ Blog  টো হল Nortsbag.blogspot.com এইটো Blog ৰ Subdomain। Google এইটো Type কৰিলে মোৰ  Blog ত সোমাব পাৰিব। তাৰ পিছত আকৌ Save ত Click কৰিব 


Assamese Gyan

Picture-7

 তাৰ পিছত আকৌ এখন Page খোল খাব, ইয়াত আপুনি  আপোনাৰ Blog ৰ Display Name Select কৰিব।ওপৰতে উল্লেখ কৰিছো  যে আপোনাৰ Display Name  আৰু Create Your blog  নাম একে ৰাখিব। Display নাম Type কৰাৰ পিছত অবশেষত Finish ত Click  কৰিব। আৰু আপোনাৰ Blog তৈৰি হৈ গল। 


Assamese Gyan

Picture-8

৮। এতিয়া একেবাৰে তলত গৈ View Blog ত গৈ আপুনি আপোনাৰ Blog  টো চাব পাৰিব।


Assamese Gyan

Picture-9

    তো বন্ধু সকল আজিৰ এই তথ্যখিনি কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব আৰু কিবা জানিবলগিয়া থাকিলে কমেন্ট কৰিব নহলে মোক Email কৰিলে হল। মই যিমানখিনি পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ইন্টাৰনেত আৰু ব্লগ সম্পৰ্কীয় তথ্যৰ বাবে এই Website ত সদায় Visit কৰিব, লগতে বন্ধু সকলৰ লগতো Share  কৰিব। অৱশেষত তথ্যখিনি পড়াৰ বাবে অশেষ অশেষ ধন্যবাদ আৰু কিবা ভুল পালে নিজোৰ আপোন ভাবি মাফ কৰি দিব আৰু ভুলবোৰ ধৰাই দিব।ধন্যবাদ।


  • আকৌ জানিব পাৰিব । 
  1. অনলাইনৰ মাধ্যমত টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি ২০২২ ত ।