নমস্কাৰ বন্ধুসকল,মোৰ দিয়া তথ্য আপোনালোকে আকোঁৱালি লোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। আপোনালোকে এনৈকৈ মৰম আৰু চেনেহ দি গৈ থাকিলে আজি মই আপোনালোকক জনাম যে আপোনালোকে Gmail কেনেকৈ খুলিব পাৰে।


বিষয়ৰ পৰ্যাতালিকা

  • Gmail কি?
  • Gmail  বা Email Account কিয় লাগে আমাক?
  • Gmail বা Email কেনেকৈ খুলিব পাৰি ?
  • Gmail  আৰু Email ৰ মাজত পাৰ্থক্য কি?


১। Gmail কি?

 Gmail ৰ সম্পুৰ্ন অৰ্থ হল- Google Mail, Mail মানে হল বাৰ্তা। Gmail  হৈছে ইন্টাৰনেতৰ মাধ্যমত বাৰ্তা পঠিওৱা। আপুনি বাৰ্তাৰ লগত ছবি, ফাইল, সৰু Size ৰ ভিডিঅ আদিও পঠিৱাব পাৰে। Gmail  ক Google য়ে ২০০৪ চনৰ এপ্ৰিল তাৰিখে উদঘাটন কৰিছিল।আৰম্ভনিত Gmail  ৰ Storage ক্ষমতা অকল জিবি আছিল, কিন্তু আজি আপুনি ১৫ জিবি ডাটা Storage  কৰিব পাৰে। Gmail app ২০১৪ চনত Google য়ে Android SmartphoneLaunce কৰিছিল। ২০১৯ চনৰ এক তথ্য মতে  ১.৫ বিলিয়ন মানুহে Gmail ব্যৱহাৰ কৰে। (Source from Wikipedia )


২। Gmail বা Email Account কিয় লাগে আমাক?

Gmail বা Email Account আমক বহুতো কাৰনত লাগে সেইবোৰ তলত ভালকৈ আলোচনা কৰা হল-

  • Gmail Id থাকিলে আপুনি বেলেগে যিকোনো মানুহৰ Email Id ত বাৰ্তাৰ লগতে ছবি, ফাইল, সৰু Size ৰ ভিডিঅ পঠাব পাৰিব।
  • Gmail Id  ক আপুনি যোগাযোগৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰিব পাৰে। কোনেবা মানুহে আপোনাৰ যোগাযোগ নম্বৰ বিচাৰিলে তাৰ সলনি আপুনি Gmail Id  দিব পাৰে। 
  • আজিকালি প্ৰায় সকলো মানুহে নিজৰ ব্যৱসাৰ সকলো ধৰনৰ যোগাযোগ Gmail Id ৰ দ্বাৰা সম্পন্ন কৰে।
  • ব্যৱসা প্ৰচাৰৰ বাবে বাবে Gmail Id ক প্ৰধান মাধ্যম হিচাপেও কব পাৰি। আপোনাৰ লগত যদি বহুত মানুহৰ Gmail Id  থাকে তেনেহলে আপুনি আপোনাৰ ব্যৱসায় সমন্ধীয় তথ্য বিলাক সচৰাচৰ মানুহবিলাকক পঠিয়াৱ পাৰে। Gmail Marketing এই ক্ষেত্ৰত প্ৰধান ভুমিকা লয়। 
  • আজিকালি প্ৰায়বোৰ মবাইলত Google ৰ সকলো ধৰনৰ App চলাবলৈ Gmail Id  ৰ প্ৰয়োজন হয়। আনকি আপুনি Play Store ৰ পৰা যিকোনো App Download  কৰিব বিচাৰিলে প্ৰথমতে Play store Gmail Id দি Sign in কৰিব লাগিব। নহলে আপুনি App Download  কৰিব নোৱাৰিব।
  • এতিয়া প্ৰায় সকলো স্কুল,কলেজ আনকি যিকোনো ধৰনৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি, ফৰ্ম ফিলাপ কৰিব লাগিলে আপোনাক Gmail Id লাগিবই।
  • কোনো প্ৰটতিষ্ঠানত, বেংক   একাউন্ট, বিভিন্ন ধৰনৰ মুল্যবান প্ৰমান পত্ৰ বনাব লাগিলে আপোনাক Gmail Id ৰ প্ৰয়োজন হব। Gmail Id  বৰ্তমান সময়ত Internet ৰ অভিন্ন অংগ হৈ পৰিছে।

৩। Email আৰু Gmail ৰ মাজত পাৰ্থক্য় কি ?

  • Email ৰ অৰ্থ হল Electronic Mail(ইন্টাৰনেত বাৰ্তা) অৰ্থাৎ Email হল ইন্টাৰনেতৰ মাধ্যমত আন কাৰোবাক পঠিওৱা কোনো বাৰ্তা। Email ক এটা প্ৰক্ৰিয়া বুলি কব পাৰি। Email বহুত আছে যেনে - Gmail, Yahoo Mail, Zoho Mail, Proton mail, Yandex Mail ইত্যাদি। ইয়াৰে ভিতৰত আমৰ দেশত Gmail অতি জনপ্ৰিয়।

পঢ়ক আৰু ফ্ৰী ব্লগ কেনেকৈ বনাব আৰু টকা কেনেকৈ উপাৰ্জন কৰিব। সকলো Step by Step অসমীয়াত।


৪। Gmail Id কেনেকৈ খুলিব?

  • Gmail Id  খুলিব লাগিলে আপুনি প্ৰথমতে আপোনাৰ মবাইল বা কম্পিউটাৰত যিকোনো এটা Browser  খুলিব লাগিব। তাতে "Create Gmail" Type কৰিব লাগিব। তাৰ পিছত আপোনাৰ সম্মুখত তলত দিয়া ধৰনে এখন পেজ খোল খাব। 


Gmail



Picutre-1

আপুনি Sign in ত  Click  কৰিব 

 
Gmail





তাৰপিছত আপোনাৰ সম্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত Create Account টোত Click কৰিব । তাৰপিছত For My Personal Use ত কৰিব 

Assamese Gyan

 Picture-3

তাতে আপোনালোকে আপোনালোকে এইখন ভালকৈ পূৰ্ণ কৰিব। ইয়াত এটা কথা মনত ৰাখিব যে আপুনি যি নামত  User Name  Type  কৰিছে, সেই User Name  আগতে বেলেগ কোনোবাই Create কৰিব পাৰে। যদি তেনেকুৱা থাকে তেনেহলে আপুনি বেলেগ Gmail Id দিব লাগিব। Password আৰু Confirm Password একে দিব ।তাৰ পিছত Next তোত Click  কৰিব


Assamese Gyan

Picture-4


তাৰ পিছত আপোনাৰ ফোন নম্বৰ দিব । তাৰ পিছত আপোনাৰ মবাইলত ৬ সংখ্যক এটা নম্বৰ আহিব,সেইটো নম্বৰ আপুনি তাতে দি Next ত Click  কৰিব আৰু যিটো মোবাইল নম্বৰ দিছে তাতে ৬ টা নম্বৰ থকা SMS আহিব আৰু সেই ৬ টা নম্বৰ আপুনি তাতে দি Verify ত Click কৰিব 



Assamese Gyan

                                Picture-5


* তাৰ পিছত এনেকুৱা এখন খোল খাব, ইয়াত আপোনালোকে মোবাইল নম্বৰ, আপোনাৰ জম্ম তাৰিখ আৰু আপোনাৰ লিংগ কি (আপুনি পুৰুষ নে মহিলা ) এইবোৰ দিয়াৰ পিছত আকৌ Next তোত Click কৰিব ।


Assamese Gyan

                                Picture-6

Next ত Click কৰিব তাৰ পিছত কিছুমান Option আহিব সেইবোৰ আপুনি Skip কৰি গৈ অবশেষত Finish Click  কৰিব আৰু আপোনাৰ Gmail হৈ গল।


বন্ধুসকল আজি আপোনালোকে জানিলে যে কেনেকৈ খুলিব লাগে। আশা কৰিছো পোষ্টটো আপোনালোকক ভালে লাগিছে। অনুগ্ৰহ কৰি বন্ধুবৰ্গৰ লগত কৰি দিব ইন্টাৰনেত, ব্লগ, অনলাইন আয় সম্বন্ধীয় তথ্য়ৰ বাবে আমাৰ কৰি থাকিব। ধন্য়বাদ


অনলাইনৰ মাধ্যমত টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি ২০২২ ত